الواقعة
Al-Waaqia
Translation: Assamese - Rafeequl Islam Habibur · Open the surah
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
إِذَا وَقَعَتِ ٱلۡوَاقِعَةُ
Open ayah 56:1যেতিয়া কিয়ামত সংঘটিত হ’ব,
لَيۡسَ لِوَقۡعَتِهَا كَاذِبَةٌ
Open ayah 56:2(তেতিয়া) ইয়াৰ সংঘটিত হোৱাক অস্বীকাৰ কৰিব পৰা কোনো নাথাকিব।
خَافِضَةٞ رَّافِعَةٌ
Open ayah 56:3ই কাৰোবাক অধঃপতন কৰিব, কাৰোবাক সমুন্নত কৰিব;
إِذَا رُجَّتِ ٱلۡأَرۡضُ رَجّٗا
Open ayah 56:4যেতিয়া পৃথিৱী প্ৰবল প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব,
وَبُسَّتِ ٱلۡجِبَالُ بَسّٗا
Open ayah 56:5আৰু পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিব,
فَكَانَتۡ هَبَآءٗ مُّنۢبَثّٗا
Open ayah 56:6ফলত সেইবোৰ বিক্ষিপ্ত ধূলিকণাত পৰিণত হ’ব;
وَكُنتُمۡ أَزۡوَٰجٗا ثَلَٰثَةٗ
Open ayah 56:7আৰু তোমালোক বিভক্ত হৈ পৰিবা তিনিটা দলত----
فَأَصۡحَٰبُ ٱلۡمَيۡمَنَةِ مَآ أَصۡحَٰبُ ٱلۡمَيۡمَنَةِ
Open ayah 56:8এতেকে সোঁফালৰ দল; আৰু সোঁফালৰ দলটো কিমান যে সৌভাগ্যৱান!
وَأَصۡحَٰبُ ٱلۡمَشۡـَٔمَةِ مَآ أَصۡحَٰبُ ٱلۡمَشۡـَٔمَةِ
Open ayah 56:9আৰু বাওঁফালৰ দল; আৰু বাওঁফালৰ দলটো কিমান যে দুৰ্ভগীয়া!
وَٱلسَّٰبِقُونَ ٱلسَّٰبِقُونَ
Open ayah 56:10আৰু অগ্ৰগামীসকলেই অগ্ৰগামী,
أُوْلَٰٓئِكَ ٱلۡمُقَرَّبُونَ
Open ayah 56:11তেওঁলোকেই সান্নিধ্যপ্ৰাপ্ত--
فِي جَنَّٰتِ ٱلنَّعِيمِ
Open ayah 56:12(তেওঁলোক থাকিব) নিয়ামতেৰে ভৰা জান্নাতত,
ثُلَّةٞ مِّنَ ٱلۡأَوَّلِينَ
Open ayah 56:13বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;
وَقَلِيلٞ مِّنَ ٱلۡأٓخِرِينَ
Open ayah 56:14আৰু কম সংখ্যক হ’ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
عَلَىٰ سُرُرٖ مَّوۡضُونَةٖ
Open ayah 56:15সোণেৰে নিৰ্মিত আসনমূহত,
مُّتَّكِـِٔينَ عَلَيۡهَا مُتَقَٰبِلِينَ
Open ayah 56:16তেওঁলোকে পৰস্পৰে মুখামুখিকৈ আউজি বহিব।
يَطُوفُ عَلَيۡهِمۡ وِلۡدَٰنٞ مُّخَلَّدُونَ
Open ayah 56:17তেওঁলোকৰ আশে-পাশে ঘূৰি-ফুৰিব চিৰ কিশোৰসকল,
بِأَكۡوَابٖ وَأَبَارِيقَ وَكَأۡسٖ مِّن مَّعِينٖ
Open ayah 56:18প্ৰবাহিত নিজৰাৰ সুৰাপূৰ্ণ পানপাত্ৰ আৰু পিয়লাবোৰ লৈ,
لَّا يُصَدَّعُونَ عَنۡهَا وَلَا يُنزِفُونَ
Open ayah 56:19সেই সুৰা সেৱন কৰিলে তেওঁলোকৰ মূৰ নুঘুৰায় আৰু তেওঁলোক জ্ঞানহাৰাও নহ’ব--
وَفَٰكِهَةٖ مِّمَّا يَتَخَيَّرُونَ
Open ayah 56:20আৰু (ঘূৰি ফুৰিব) তেওঁলোকৰ পছন্দনীয় ফল-মূল লৈ,
وَلَحۡمِ طَيۡرٖ مِّمَّا يَشۡتَهُونَ
Open ayah 56:21আৰু তেওঁলোকৰ ৰুচি অনুযায়ী চৰাইৰ মাংস লৈ।
وَحُورٌ عِينٞ
Open ayah 56:22আৰু তেওঁলোকৰ বাবে থাকিব মৃগনয়নী (ডাঙৰ চকুবিশিষ্টা) হুৰ,
كَأَمۡثَٰلِ ٱللُّؤۡلُوِٕ ٱلۡمَكۡنُونِ
Open ayah 56:23যেনিবা সিহঁত সুৰক্ষিত মুকুতাহে,
جَزَآءَۢ بِمَا كَانُواْ يَعۡمَلُونَ
Open ayah 56:24তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰস্কাৰস্বৰূপে।
لَا يَسۡمَعُونَ فِيهَا لَغۡوٗا وَلَا تَأۡثِيمًا
Open ayah 56:25তাত তেওঁলোকে কোনো অলাগতীয়াল কথা আৰু কোনো পাপবাক্য শুনিবলৈ নাপাব,
إِلَّا قِيلٗا سَلَٰمٗا سَلَٰمٗا
Open ayah 56:26শুনিব কেৱল ছালাম আৰু ছালাম (শান্তি বাক্য)।
وَأَصۡحَٰبُ ٱلۡيَمِينِ مَآ أَصۡحَٰبُ ٱلۡيَمِينِ
Open ayah 56:27আৰু সোঁফালৰ দল; কিমান যে ভাগ্যৱান সোঁফালৰ দলটো!
فِي سِدۡرٖ مَّخۡضُودٖ
Open ayah 56:28তেওঁলোকে থাকিব এনে উদ্যানত, য’ত আছে কাঁইটবিহীন বগৰী গছ,
وَطَلۡحٖ مَّنضُودٖ
Open ayah 56:29আৰু থোকেৰে ভৰা কল গছ,
وَظِلّٖ مَّمۡدُودٖ
Open ayah 56:30আৰু সম্প্ৰসাৰিত ছাঁ,
وَمَآءٖ مَّسۡكُوبٖ
Open ayah 56:31আৰু সদায় প্ৰবাহমান পানী,
وَفَٰكِهَةٖ كَثِيرَةٖ
Open ayah 56:32আৰু প্ৰচুৰ ফল-মূল,
لَّا مَقۡطُوعَةٖ وَلَا مَمۡنُوعَةٖ
Open ayah 56:33যিবোৰ শেষ নহ'ব আৰু নিষিদ্ধও নহ’ব।
وَفُرُشٖ مَّرۡفُوعَةٍ
Open ayah 56:34লগতে (তেওঁলোক থাকিব) সুউচ্চ শয্যাসমূহত;
إِنَّآ أَنشَأۡنَٰهُنَّ إِنشَآءٗ
Open ayah 56:35নিশ্চয় আমি সিহঁতক (হুৰসকলক) সৃষ্টি কৰিছোঁ বিশেষৰূপত---
فَجَعَلۡنَٰهُنَّ أَبۡكَارًا
Open ayah 56:36তাৰ পিছত সিহঁতক কুমাৰী বনাইছোঁ,
عُرُبًا أَتۡرَابٗا
Open ayah 56:37নিজ স্বামীৰ প্ৰতি আসক্ত আৰু সমবয়সীয়া,
لِّأَصۡحَٰبِ ٱلۡيَمِينِ
Open ayah 56:38সোঁফালৰ লোকসকলৰ বাবে।
ثُلَّةٞ مِّنَ ٱلۡأَوَّلِينَ
Open ayah 56:39বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;
وَثُلَّةٞ مِّنَ ٱلۡأٓخِرِينَ
Open ayah 56:40আৰু বহুসংখ্যক হ'ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
وَأَصۡحَٰبُ ٱلشِّمَالِ مَآ أَصۡحَٰبُ ٱلشِّمَالِ
Open ayah 56:41আনহাতে বাওঁফালৰ দল, কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো!
فِي سَمُومٖ وَحَمِيمٖ
Open ayah 56:42সিহঁত থাকিব অত্যন্ত উষ্ণ বায়ু আৰু উত্তপ্ত উতলা পানীত,
وَظِلّٖ مِّن يَحۡمُومٖ
Open ayah 56:43আৰু অতি ক'লা ধোঁৱাৰ ছাঁত,
لَّا بَارِدٖ وَلَا كَرِيمٍ
Open ayah 56:44যিটো শীতলো নহয় আৰু আৰামদায়কো নহয়।
إِنَّهُمۡ كَانُواْ قَبۡلَ ذَٰلِكَ مُتۡرَفِينَ
Open ayah 56:45নিশ্চয় সিহঁত ইতিপূৰ্বে ভোগ-বিলাসত মগ্ন আছিল,
وَكَانُواْ يُصِرُّونَ عَلَى ٱلۡحِنثِ ٱلۡعَظِيمِ
Open ayah 56:46আৰু সিহঁত অবিৰামভাৱে লিপ্ত আছিল জঘন্য পাপকৰ্মত।
وَكَانُواْ يَقُولُونَ أَئِذَا مِتۡنَا وَكُنَّا تُرَابٗا وَعِظَٰمًا أَءِنَّا لَمَبۡعُوثُونَ
Open ayah 56:47আৰু সিহঁতে কৈছিল, ‘আমি যেতিয়া মৃত্যু হৈ মাটি আৰু হাড়ত পৰিণত হ'ম, তেতিয়াও আমাক পুনৰুত্থিত কৰা হ’বনে’?
أَوَءَابَآؤُنَا ٱلۡأَوَّلُونَ
Open ayah 56:48‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’?
قُلۡ إِنَّ ٱلۡأَوَّلِينَ وَٱلۡأٓخِرِينَ
Open ayah 56:49কোৱা, ‘নিশ্চয় পূৰ্বৱৰ্তীসকলকো আৰু পৰবৰ্তীসকলকো--
لَمَجۡمُوعُونَ إِلَىٰ مِيقَٰتِ يَوۡمٖ مَّعۡلُومٖ
Open ayah 56:50সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত’।
ثُمَّ إِنَّكُمۡ أَيُّهَا ٱلضَّآلُّونَ ٱلۡمُكَذِّبُونَ
Open ayah 56:51তাৰ পিছত, হে বিভ্ৰান্ত অস্বীকাৰকাৰীসকল!
لَأٓكِلُونَ مِن شَجَرٖ مِّن زَقُّومٖ
Open ayah 56:52নিশ্চয় (তোমালোকে) আহাৰ কৰিবা যাক্কুম গছৰ পৰা,
فَمَالِـُٔونَ مِنۡهَا ٱلۡبُطُونَ
Open ayah 56:53সেইটোৰেই তোমালোকে পেট ভৰাবা,
فَشَٰرِبُونَ عَلَيۡهِ مِنَ ٱلۡحَمِيمِ
Open ayah 56:54তদুপৰি তাৰ ওপৰত পান কৰিবা উত্তপ্ত উতলা পানী---
فَشَٰرِبُونَ شُرۡبَ ٱلۡهِيمِ
Open ayah 56:55তোমালোকে তৃষ্ণাতুৰ উটৰ দৰে সেই পানী পান কৰিবা।
هَٰذَا نُزُلُهُمۡ يَوۡمَ ٱلدِّينِ
Open ayah 56:56প্ৰতিফল দিৱসত এইটোৱে হ’ব সিহঁতৰ আপ্যায়ন।
نَحۡنُ خَلَقۡنَٰكُمۡ فَلَوۡلَا تُصَدِّقُونَ
Open ayah 56:57আমিয়েই তোমালোকক সৃষ্টি কৰিছোঁ; তেনেহ’লে কিয় তোমালোকে বিশ্বাস নকৰা?
أَفَرَءَيۡتُم مَّا تُمۡنُونَ
Open ayah 56:58তোমালোকে ভাবি চাইছানে তোমালোকৰ বীৰ্যপাত সম্পৰ্কে?
ءَأَنتُمۡ تَخۡلُقُونَهُۥٓ أَمۡ نَحۡنُ ٱلۡخَٰلِقُونَ
Open ayah 56:59সেইটো তোমালোকে সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ?
نَحۡنُ قَدَّرۡنَا بَيۡنَكُمُ ٱلۡمَوۡتَ وَمَا نَحۡنُ بِمَسۡبُوقِينَ
Open ayah 56:60আমিয়েই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছোঁ আৰু আমি অক্ষম নহওঁ--
عَلَىٰٓ أَن نُّبَدِّلَ أَمۡثَٰلَكُمۡ وَنُنشِئَكُمۡ فِي مَا لَا تَعۡلَمُونَ
Open ayah 56:61(যে) তোমালোকৰ স্থানত তোমালোকৰ দৰে লোকক আনিবলৈ আৰু তোমালোকক এনে এটা আকৃতিত সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা।
وَلَقَدۡ عَلِمۡتُمُ ٱلنَّشۡأَةَ ٱلۡأُولَىٰ فَلَوۡلَا تَذَكَّرُونَ
Open ayah 56:62আৰু নিশ্চয় তোমালোকে অৱগত হৈছা প্ৰথম সৃষ্টি সম্পৰ্কে, তেন্তে কিয় তোমালোকে উপদেশ গ্ৰহণ নকৰা?
أَفَرَءَيۡتُم مَّا تَحۡرُثُونَ
Open ayah 56:63তোমালোকে যি বীজ সিঁচা সেই বিষয়ে তোমালোকে ভাবি চাইছানে?
ءَأَنتُمۡ تَزۡرَعُونَهُۥٓ أَمۡ نَحۡنُ ٱلزَّٰرِعُونَ
Open ayah 56:64সেইটো তোমালোকে অংকুৰিত কৰা, নে আমি অংকুৰিত কৰোঁ?
لَوۡ نَشَآءُ لَجَعَلۡنَٰهُ حُطَٰمٗا فَظَلۡتُمۡ تَفَكَّهُونَ
Open ayah 56:65আমি ইচ্ছা কৰিলে ইয়াক খেৰ-কুটাত পৰিণত কৰিব পাৰোঁ, তেতিয়া তোমালোকে হতাশ হৈ পৰিবা;
إِنَّا لَمُغۡرَمُونَ
Open ayah 56:66(আৰু এই বুলি ক’বা যে) ‘নিশ্চয় আমি ঋণগ্ৰস্ত হৈ পৰিলোঁ’,
بَلۡ نَحۡنُ مَحۡرُومُونَ
Open ayah 56:67‘বৰং আমি বঞ্চিত’।
أَفَرَءَيۡتُمُ ٱلۡمَآءَ ٱلَّذِي تَشۡرَبُونَ
Open ayah 56:68তোমালোকে যি পানী সেৱন কৰা সেই সম্পৰ্কে ভাবিছানে?
ءَأَنتُمۡ أَنزَلۡتُمُوهُ مِنَ ٱلۡمُزۡنِ أَمۡ نَحۡنُ ٱلۡمُنزِلُونَ
Open ayah 56:69মেঘৰ পৰা সেই পানী তোমালোকে নমাই আনা, নে আমি বৰ্ষণ কৰোঁ?
لَوۡ نَشَآءُ جَعَلۡنَٰهُ أُجَاجٗا فَلَوۡلَا تَشۡكُرُونَ
Open ayah 56:70আমি ইচ্ছা কৰিলে সেইটো লুণীয়া কৰি দিব পাৰোঁ। তথাপিও তোমালোকে কৃতজ্ঞতা প্ৰকাশ নকৰা কিয়?
أَفَرَءَيۡتُمُ ٱلنَّارَ ٱلَّتِي تُورُونَ
Open ayah 56:71তোমালোকে যি জুই জ্বলোৱা সেই বিষয়ে চিন্তা কৰিছানে?
ءَأَنتُمۡ أَنشَأۡتُمۡ شَجَرَتَهَآ أَمۡ نَحۡنُ ٱلۡمُنشِـُٔونَ
Open ayah 56:72তোমালোকে ইয়াৰ গছ সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ?
نَحۡنُ جَعَلۡنَٰهَا تَذۡكِرَةٗ وَمَتَٰعٗا لِّلۡمُقۡوِينَ
Open ayah 56:73ইয়াক আমি কৰিছোঁ এটা স্মাৰক আৰু মৰুভূমিত বাস কৰা লোকৰ বাবে প্ৰয়োজনীয় বস্তু।
فَسَبِّحۡ بِٱسۡمِ رَبِّكَ ٱلۡعَظِيمِ
Open ayah 56:74এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।
۞فَلَآ أُقۡسِمُ بِمَوَٰقِعِ ٱلنُّجُومِ
Open ayah 56:75এতেকে মই শপত কৰিছোঁ নক্ষত্ৰৰাজিৰ অস্তাচলৰ,
وَإِنَّهُۥ لَقَسَمٞ لَّوۡ تَعۡلَمُونَ عَظِيمٌ
Open ayah 56:76আৰু নিশ্চয় এইটো এটা মহা শপত, যদি তোমালোকে জানিলাহেঁতেন--
إِنَّهُۥ لَقُرۡءَانٞ كَرِيمٞ
Open ayah 56:77নিশ্চয় এইখন মহিমান্বিত কোৰআন,
فِي كِتَٰبٖ مَّكۡنُونٖ
Open ayah 56:78যিখন আছে সুৰক্ষিত কিতাবত (লিপিবদ্ধ)।
لَّا يَمَسُّهُۥٓ إِلَّا ٱلۡمُطَهَّرُونَ
Open ayah 56:79পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।
تَنزِيلٞ مِّن رَّبِّ ٱلۡعَٰلَمِينَ
Open ayah 56:80এইখন বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।
أَفَبِهَٰذَا ٱلۡحَدِيثِ أَنتُم مُّدۡهِنُونَ
Open ayah 56:81তথাপিও তোমালোকে এই বাণীক তুচ্ছ বুলি ভাবিছা নেকি?
وَتَجۡعَلُونَ رِزۡقَكُمۡ أَنَّكُمۡ تُكَذِّبُونَ
Open ayah 56:82আৰু তোমালোকে অস্বীকাৰ কৰাকেই তোমালোকৰ জীৱিকা কৰি লৈছা নেকি!
فَلَوۡلَآ إِذَا بَلَغَتِ ٱلۡحُلۡقُومَ
Open ayah 56:83এতেকে কিয় নহয়—প্ৰাণ যেতিয়া কন্ঠাগত হয়,
وَأَنتُمۡ حِينَئِذٖ تَنظُرُونَ
Open ayah 56:84আৰু তেতিয়া তোমালোকে (অসহায় হৈ) চাই থাকা,
وَنَحۡنُ أَقۡرَبُ إِلَيۡهِ مِنكُمۡ وَلَٰكِن لَّا تُبۡصِرُونَ
Open ayah 56:85আৰু আমি তোমালোকতকৈও তাৰ বেছি ওচৰত থাকোঁ, কিন্তু তোমালোকে দেখা নোপোৱা।
فَلَوۡلَآ إِن كُنتُمۡ غَيۡرَ مَدِينِينَ
Open ayah 56:86এতেকে যদি তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিফলৰ সন্মুখীন নোহোৱা,
تَرۡجِعُونَهَآ إِن كُنتُمۡ صَٰدِقِينَ
Open ayah 56:87তেনেহ'লে তোমালোকে সেইটো (আত্মাটো) ঘূৰাই নানা কিয়? যদি তোমালোকে সত্যবাদী!
فَأَمَّآ إِن كَانَ مِنَ ٱلۡمُقَرَّبِينَ
Open ayah 56:88তাৰ পিছত সি যদি নৈকট্যপ্ৰাপ্তসকলৰ এজন হয়,
فَرَوۡحٞ وَرَيۡحَانٞ وَجَنَّتُ نَعِيمٖ
Open ayah 56:89তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম, উত্তম জীৱনোপকৰণ আৰু সুখময় জান্নাত।
وَأَمَّآ إِن كَانَ مِنۡ أَصۡحَٰبِ ٱلۡيَمِينِ
Open ayah 56:90আৰু সি যদি হয় সোঁফালৰ দলৰ এজন,
فَسَلَٰمٞ لَّكَ مِنۡ أَصۡحَٰبِ ٱلۡيَمِينِ
Open ayah 56:91তেন্তে (তাক কোৱা হ’ব) ‘তোমাৰ প্ৰতি ছালাম’, যিহেতু তুমি সোঁফালৰ এজন।
وَأَمَّآ إِن كَانَ مِنَ ٱلۡمُكَذِّبِينَ ٱلضَّآلِّينَ
Open ayah 56:92কিন্তু সি যদি হয় অস্বীকাৰকাৰী, বিভ্ৰান্তসকলৰ এজন,
فَنُزُلٞ مِّنۡ حَمِيمٖ
Open ayah 56:93তেন্তে তাৰ আতিথ্য কৰা হ’ব উতলা পানীৰ দ্বাৰা,
وَتَصۡلِيَةُ جَحِيمٍ
Open ayah 56:94আৰু জাহান্নামৰ দহনেৰে;
إِنَّ هَٰذَا لَهُوَ حَقُّ ٱلۡيَقِينِ
Open ayah 56:95নিশ্চয় এইটো সুনিশ্চিত সত্য।
فَسَبِّحۡ بِٱسۡمِ رَبِّكَ ٱلۡعَظِيمِ
Open ayah 56:96এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।