المطففين
Al-Mutaffifin
Translation: Assamese - Rafeequl Islam Habibur · Open the surah
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
وَيۡلٞ لِّلۡمُطَفِّفِينَ
Open ayah 83:1ধ্বংস সিহঁতৰ বাবে যিসকলে জোখ-মাখত কম দিয়ে,
ٱلَّذِينَ إِذَا ٱكۡتَالُواْ عَلَى ٱلنَّاسِ يَسۡتَوۡفُونَ
Open ayah 83:2যিসকলে আনৰ পৰা মাপি লওঁতে পূৰ্ণমাত্ৰাত গ্ৰহণ কৰে,
وَإِذَا كَالُوهُمۡ أَو وَّزَنُوهُمۡ يُخۡسِرُونَ
Open ayah 83:3আৰু যেতিয়া সিহঁতে মাপি দিয়ে অথবা ওজন কৰি দিয়ে, তেতিয়া কম দিয়ে।
أَلَا يَظُنُّ أُوْلَٰٓئِكَ أَنَّهُم مَّبۡعُوثُونَ
Open ayah 83:4সিহঁতে বিশ্বাস নকৰে নেকি যে, সিহঁত পুৰনৰুত্থিত হ’ব?
لِيَوۡمٍ عَظِيمٖ
Open ayah 83:5মহাদিৱসৰ দিনা।
يَوۡمَ يَقُومُ ٱلنَّاسُ لِرَبِّ ٱلۡعَٰلَمِينَ
Open ayah 83:6যিদিনা সকলো মানুহে বিশ্বজগতৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’ব।
كَلَّآ إِنَّ كِتَٰبَ ٱلۡفُجَّارِ لَفِي سِجِّينٖ
Open ayah 83:7কেতিয়াও নহয়, নিশ্চয় পাপীসকলৰ আমলনামা থাকিব ছিজ্জিনত।
وَمَآ أَدۡرَىٰكَ مَا سِجِّينٞ
Open ayah 83:8আৰু তোমাক কিহে জনাব যে, ছিজ্জীন কি?
كِتَٰبٞ مَّرۡقُومٞ
Open ayah 83:9চিহ্নিত আমলনামা।
وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ
Open ayah 83:10সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
ٱلَّذِينَ يُكَذِّبُونَ بِيَوۡمِ ٱلدِّينِ
Open ayah 83:11যিসকলে প্ৰতিদান দিৱসক অস্বীকাৰ কৰে।
وَمَا يُكَذِّبُ بِهِۦٓ إِلَّا كُلُّ مُعۡتَدٍ أَثِيمٍ
Open ayah 83:12আৰু প্ৰত্যেক পাপিষ্ঠ সীমালংঘনকাৰীৰ বাহিৰে আন কোনেও ইয়াক অস্বীকাৰ নকৰে।
إِذَا تُتۡلَىٰ عَلَيۡهِ ءَايَٰتُنَا قَالَ أَسَٰطِيرُ ٱلۡأَوَّلِينَ
Open ayah 83:13আৰু যেতিয়া আমাৰ আয়াতসমূহ তাৰ ওচৰত তিলাৱত কৰা হয় তেতিয়া সি কয়, (এয়া হৈছে) ‘পুৰ্বৱৰ্তীসকলৰ উপকথা’।
كَلَّاۖ بَلۡۜ رَانَ عَلَىٰ قُلُوبِهِم مَّا كَانُواْ يَكۡسِبُونَ
Open ayah 83:14কেতিয়াও নহয়, বৰং সিহঁতৰ কৰ্মৰ ফলত সিহঁতৰ অন্তৰত মামৰে ধৰিছে।
كَلَّآ إِنَّهُمۡ عَن رَّبِّهِمۡ يَوۡمَئِذٖ لَّمَحۡجُوبُونَ
Open ayah 83:15কেতিয়াও নহয়, নিশ্চয় সিহঁতে সেইদিনা নিজ প্ৰতিপালকৰ পৰা পৰ্দাৰ আঁৰত থাকিব।
ثُمَّ إِنَّهُمۡ لَصَالُواْ ٱلۡجَحِيمِ
Open ayah 83:16তাৰ পিছত নিশ্চয় সিহঁতে প্ৰজ্জ্বলিত জাহান্নামত প্ৰৱেশ কৰিব;
ثُمَّ يُقَالُ هَٰذَا ٱلَّذِي كُنتُم بِهِۦ تُكَذِّبُونَ
Open ayah 83:17তাৰ পিছত কোৱা হ’ব, ‘এইটোৱে হৈছে সেইটো যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।
كَلَّآ إِنَّ كِتَٰبَ ٱلۡأَبۡرَارِ لَفِي عِلِّيِّينَ
Open ayah 83:18কেতিয়াও নহয়, নিশ্চয় পূণ্যৱানসকলৰ আমলনামা থাকিব ইল্লিয়্যীনত।
وَمَآ أَدۡرَىٰكَ مَا عِلِّيُّونَ
Open ayah 83:19আৰু তোমাক কিহে জনাব যে, ইল্লিয়্যীন কি?
كِتَٰبٞ مَّرۡقُومٞ
Open ayah 83:20চিহ্নিত আমলনামা।
يَشۡهَدُهُ ٱلۡمُقَرَّبُونَ
Open ayah 83:21সান্নিধ্যপ্ৰাপ্তসকলেই ইয়াক অবলোকন কৰে।
إِنَّ ٱلۡأَبۡرَارَ لَفِي نَعِيمٍ
Open ayah 83:22নিশ্চয় সৎকৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত।
عَلَى ٱلۡأَرَآئِكِ يَنظُرُونَ
Open ayah 83:23সুসজ্জিত আসনত বহি দৰ্শন কৰিব।
تَعۡرِفُ فِي وُجُوهِهِمۡ نَضۡرَةَ ٱلنَّعِيمِ
Open ayah 83:24তুমি সিহঁতৰ মুখমণ্ডলত সুখ-শান্তিৰ উজ্জলতা দেখিবলৈ পাবা,
يُسۡقَوۡنَ مِن رَّحِيقٖ مَّخۡتُومٍ
Open ayah 83:25সিহঁতক মোহৰ মাৰি থোৱা বিশুদ্ধ পানীয় পান কৰোৱা হ’ব;
خِتَٰمُهُۥ مِسۡكٞۚ وَفِي ذَٰلِكَ فَلۡيَتَنَافَسِ ٱلۡمُتَنَٰفِسُونَ
Open ayah 83:26আৰু যাৰ মোহৰ হ'ব মিছকৰ, সেয়ে এই বিষয়ে প্ৰতিযোগীসকলে প্ৰতিযোগিতা কৰা উচিত।
وَمِزَاجُهُۥ مِن تَسۡنِيمٍ
Open ayah 83:27আৰু ইয়াৰ মিশ্ৰণ হ’ব তাছনীমৰ দ্বাৰা,
عَيۡنٗا يَشۡرَبُ بِهَا ٱلۡمُقَرَّبُونَ
Open ayah 83:28(সেইটো) এটা নিজৰা, যাৰ পৰা সান্নিধ্যসকলে সেৱন কৰিব।
إِنَّ ٱلَّذِينَ أَجۡرَمُواْ كَانُواْ مِنَ ٱلَّذِينَ ءَامَنُواْ يَضۡحَكُونَ
Open ayah 83:29নিশ্চয় যিসকলে অপৰাধ কৰিছে সিহঁতে মুমিনসকলক উপহাস কৰিছিল,
وَإِذَا مَرُّواْ بِهِمۡ يَتَغَامَزُونَ
Open ayah 83:30আৰু যেতিয়া সিহঁতে মুমিনসকলৰ ওচৰেদি গৈছিল তেতিয়া সিহঁতে চকু টিপি বিদ্ৰূপ কৰিছিল।
وَإِذَا ٱنقَلَبُوٓاْ إِلَىٰٓ أَهۡلِهِمُ ٱنقَلَبُواْ فَكِهِينَ
Open ayah 83:31আৰু যেতিয়া সিহঁতে আপোনজনৰ ওচৰলৈ উভতি আহিছিল তেতিয়া উৎফুল্লিত হৈ উভতিছিল,
وَإِذَا رَأَوۡهُمۡ قَالُوٓاْ إِنَّ هَٰٓؤُلَآءِ لَضَآلُّونَ
Open ayah 83:32আৰু সিহঁতে যেতিয়া মুমিনসকলক দেখিছিল তেতিয়া কৈছিল, ‘নিশ্চয় ইহঁত পথভ্ৰষ্ট’।
وَمَآ أُرۡسِلُواْ عَلَيۡهِمۡ حَٰفِظِينَ
Open ayah 83:33অথচ সিহঁতক মুমিনসকলৰ তত্ত্বাৱধায়ক হিচাপে পঠোৱা হোৱা নাছিল।
فَٱلۡيَوۡمَ ٱلَّذِينَ ءَامَنُواْ مِنَ ٱلۡكُفَّارِ يَضۡحَكُونَ
Open ayah 83:34এতেকে আজি মুমিনসকলে উপহাস কৰিব কাফিৰসকলক।
عَلَى ٱلۡأَرَآئِكِ يَنظُرُونَ
Open ayah 83:35সুসজ্জিত আসনত বহি দৰ্শন কৰিব।
هَلۡ ثُوِّبَ ٱلۡكُفَّارُ مَا كَانُواْ يَفۡعَلُونَ
Open ayah 83:36কাফিৰসকলে সিহঁতৰ কৃতকৰ্মৰ ফল পালেনে?