الإنفطار
Al-Infitaar
Translation: Assamese - Rafeequl Islam Habibur · Open the surah
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
إِذَا ٱلسَّمَآءُ ٱنفَطَرَتۡ
Open ayah 82:1যেতিয়া আকাশখন বিদীৰ্ণ হ’ব,
وَإِذَا ٱلۡكَوَاكِبُ ٱنتَثَرَتۡ
Open ayah 82:2আৰু যেতিয়া নক্ষত্ৰসমূহ বিক্ষিপ্তভাৱে খহি পৰিব,
وَإِذَا ٱلۡبِحَارُ فُجِّرَتۡ
Open ayah 82:3আৰু যেতিয়া সাগৰসমূহক বিস্ফোৰিত কৰা হ’ব,
وَإِذَا ٱلۡقُبُورُ بُعۡثِرَتۡ
Open ayah 82:4আৰু যেতিয়া কবৰসমূহক উন্মোচিত কৰা হ’ব,
عَلِمَتۡ نَفۡسٞ مَّا قَدَّمَتۡ وَأَخَّرَتۡ
Open ayah 82:5তেতিয়া প্ৰত্যেকেই জানিব, সি আগলৈ কি প্ৰেৰণ কৰিছে আৰু পিছফালে কি থৈ আহিছে।
يَٰٓأَيُّهَا ٱلۡإِنسَٰنُ مَا غَرَّكَ بِرَبِّكَ ٱلۡكَرِيمِ
Open ayah 82:6হে মানৱ! কিহে তোমাক তোমাৰ প্ৰতিপালক সম্পৰ্কে বিভ্ৰান্ত কৰিছে?
ٱلَّذِي خَلَقَكَ فَسَوَّىٰكَ فَعَدَلَكَ
Open ayah 82:7যিজনে তোমাক সৃষ্টি কৰিছে, তাৰ পিছত তোমাক সুঠাম কৰিছে আৰু সুসামঞ্জস্য কৰিছে,
فِيٓ أَيِّ صُورَةٖ مَّا شَآءَ رَكَّبَكَ
Open ayah 82:8আৰু যি আকৃতিত বিচাৰিছে, তেওঁ তোমাক (সেই আকৃতিতে) গঠন কৰিছে।
كَلَّا بَلۡ تُكَذِّبُونَ بِٱلدِّينِ
Open ayah 82:9কেতিয়াও নহয়, বৰং তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা;
وَإِنَّ عَلَيۡكُمۡ لَحَٰفِظِينَ
Open ayah 82:10আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল;
كِرَامٗا كَٰتِبِينَ
Open ayah 82:11সন্মানিত লেখক বৃন্দ;
يَعۡلَمُونَ مَا تَفۡعَلُونَ
Open ayah 82:12তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে।
إِنَّ ٱلۡأَبۡرَارَ لَفِي نَعِيمٖ
Open ayah 82:13নিশ্চয় সৎকৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত।
وَإِنَّ ٱلۡفُجَّارَ لَفِي جَحِيمٖ
Open ayah 82:14আৰু নিশ্চয় পাপীসকল থাকিব জাহান্নামত।
يَصۡلَوۡنَهَا يَوۡمَ ٱلدِّينِ
Open ayah 82:15সিহঁতে তাত প্ৰৱেশ কৰিব প্ৰতিদান দিৱসত;
وَمَا هُمۡ عَنۡهَا بِغَآئِبِينَ
Open ayah 82:16আৰু সিহঁতে তাৰ পৰা অনুপস্থিত থাকিব নোৱাৰিব (বা পলায়ন কৰিব নোৱাৰিব)।
وَمَآ أَدۡرَىٰكَ مَا يَوۡمُ ٱلدِّينِ
Open ayah 82:17আৰু তোমাক কিহে জনাব যে, প্ৰতিদান দিৱস কি?
ثُمَّ مَآ أَدۡرَىٰكَ مَا يَوۡمُ ٱلدِّينِ
Open ayah 82:18আকৌ কৈছোঁ, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি?
يَوۡمَ لَا تَمۡلِكُ نَفۡسٞ لِّنَفۡسٖ شَيۡـٔٗاۖ وَٱلۡأَمۡرُ يَوۡمَئِذٖ لِّلَّهِ
Open ayah 82:19সেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব (একমাত্ৰ) আল্লাহৰ।