التكوير
At-Takwir
Translation: Assamese - Rafeequl Islam Habibur · Open the surah
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
إِذَا ٱلشَّمۡسُ كُوِّرَتۡ
Open ayah 81:1সূৰ্যক যেতিয়া নিষ্প্ৰভ কৰা হ’ব,
وَإِذَا ٱلنُّجُومُ ٱنكَدَرَتۡ
Open ayah 81:2আৰু নক্ষত্ৰৰাজি যেতিয়া খহি পৰিব,
وَإِذَا ٱلۡجِبَالُ سُيِّرَتۡ
Open ayah 81:3পৰ্বতসমূহক যেতিয়া সঞ্চালিত কৰা হ’ব,
وَإِذَا ٱلۡعِشَارُ عُطِّلَتۡ
Open ayah 81:4আৰু যেতিয়া পূৰ্ণ গাভিনী উটবোৰক অযত্নে এৰি দিয়া হ’ব,
وَإِذَا ٱلۡوُحُوشُ حُشِرَتۡ
Open ayah 81:5আৰু যেতিয়া বনৰীয়া পশুবোৰক একত্ৰিত কৰা হ’ব,
وَإِذَا ٱلۡبِحَارُ سُجِّرَتۡ
Open ayah 81:6আৰু যেতিয়া সাগৰসমূহক অগ্নিউত্তাল কৰা হ’ব,
وَإِذَا ٱلنُّفُوسُ زُوِّجَتۡ
Open ayah 81:7আৰু যেতিয়া আত্মাসমূহক (সমগোত্ৰীয়সকলৰ লগত) মিলিত কৰা হ’ব,
وَإِذَا ٱلۡمَوۡءُۥدَةُ سُئِلَتۡ
Open ayah 81:8আৰু যেতিয়া জীৱন্ত সমাধিস্থ কন্যাশিশুক সোধা হ’ব,
بِأَيِّ ذَنۢبٖ قُتِلَتۡ
Open ayah 81:9কি অপৰাধত তাইক হত্যা কৰা হৈছিল?
وَإِذَا ٱلصُّحُفُ نُشِرَتۡ
Open ayah 81:10আৰু যেতিয়া আমলনামাসমূহ উন্মোচিত কৰা হ’ব,
وَإِذَا ٱلسَّمَآءُ كُشِطَتۡ
Open ayah 81:11আৰু যেতিয়া আকাশৰ আৱৰণ অপসাৰিত কৰা হ’ব,
وَإِذَا ٱلۡجَحِيمُ سُعِّرَتۡ
Open ayah 81:12আৰু যেতিয়া জাহান্নামক ভীষণভাৱে প্ৰজ্জ্বলিত কৰা হ’ব,
وَإِذَا ٱلۡجَنَّةُ أُزۡلِفَتۡ
Open ayah 81:13আৰু জান্নাতক যেতিয়া নিকটৱৰ্তী কৰা হ’ব,
عَلِمَتۡ نَفۡسٞ مَّآ أَحۡضَرَتۡ
Open ayah 81:14তেতিয়া প্ৰত্যেক ব্যক্তিয়েই জানিব সি কি উপস্থিত কৰিছে।
فَلَآ أُقۡسِمُ بِٱلۡخُنَّسِ
Open ayah 81:15এতেকে মই শপত কৰিছোঁ আৱৰ্তনশীল নক্ষত্ৰবোৰৰ,
ٱلۡجَوَارِ ٱلۡكُنَّسِ
Open ayah 81:16যিবোৰ গতিশীল, অদৃশ্য,
وَٱلَّيۡلِ إِذَا عَسۡعَسَ
Open ayah 81:17আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়,
وَٱلصُّبۡحِ إِذَا تَنَفَّسَ
Open ayah 81:18আৰু প্ৰভাতৰ শপত যেতিয়া ইয়াৰ আবিৰ্ভাৱ হয়,
إِنَّهُۥ لَقَوۡلُ رَسُولٖ كَرِيمٖ
Open ayah 81:19নিশ্চয় এই কোৰআনখন হৈছে সন্মানিত ৰাছুলে লৈ অহা বাণী।
ذِي قُوَّةٍ عِندَ ذِي ٱلۡعَرۡشِ مَكِينٖ
Open ayah 81:20যিজন শক্তিশালী, আৰশ্বৰ মালিকৰ ওচৰত মৰ্যদাসম্পন্ন,
مُّطَاعٖ ثَمَّ أَمِينٖ
Open ayah 81:21মান্যবৰ, তাত তেওঁ বিশ্বস্ত।
وَمَا صَاحِبُكُم بِمَجۡنُونٖ
Open ayah 81:22আৰু তোমালোকৰ সঙ্গী উন্মাদ নহয়,
وَلَقَدۡ رَءَاهُ بِٱلۡأُفُقِ ٱلۡمُبِينِ
Open ayah 81:23আৰু নিশ্চয় তেখেতে (নবীয়ে) তেখেতক (জিব্ৰীলক) স্পষ্ট দিগন্তত দেখিছে,
وَمَا هُوَ عَلَى ٱلۡغَيۡبِ بِضَنِينٖ
Open ayah 81:24আৰু তেওঁ গায়েবী বিষয় সম্পৰ্কে কৃপণালিও নকৰে।
وَمَا هُوَ بِقَوۡلِ شَيۡطَٰنٖ رَّجِيمٖ
Open ayah 81:25আৰু এয়া কোনো অভিশপ্ত চয়তানৰো বাক্য নহয়।
فَأَيۡنَ تَذۡهَبُونَ
Open ayah 81:26এতেকে তোমালোকে কোনফালে গতি কৰিছা?
إِنۡ هُوَ إِلَّا ذِكۡرٞ لِّلۡعَٰلَمِينَ
Open ayah 81:27এইখন হৈছে বিশ্ববাসীৰ বাবে উপদেশ বাণী,
لِمَن شَآءَ مِنكُمۡ أَن يَسۡتَقِيمَ
Open ayah 81:28সেই ব্যক্তিৰ বাবে, তোমালোকৰ মাজৰ যিয়ে সৰল পথত চলিব বিচাৰে।
وَمَا تَشَآءُونَ إِلَّآ أَن يَشَآءَ ٱللَّهُ رَبُّ ٱلۡعَٰلَمِينَ
Open ayah 81:29তোমালোকে ইচ্ছা কৰিব নোৱাৰা, যেতিয়ালৈকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰে।