عبس
Abasa
Translation: Assamese - Rafeequl Islam Habibur · Open the surah
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
عَبَسَ وَتَوَلَّىٰٓ
Open ayah 80:1তেওঁ বিৰক্ত প্ৰকাশ কৰিলে আৰু মুখ ঘূৰাই ল’লে,
أَن جَآءَهُ ٱلۡأَعۡمَىٰ
Open ayah 80:2তেওঁৰ ওচৰলৈ অন্ধ ব্যক্তিজন অহাৰ কাৰণে।
وَمَا يُدۡرِيكَ لَعَلَّهُۥ يَزَّكَّىٰٓ
Open ayah 80:3কিহে তোমাক জনাব যে, হয়তো সি পৰিশুদ্ধ হ’ব,
أَوۡ يَذَّكَّرُ فَتَنفَعَهُ ٱلذِّكۡرَىٰٓ
Open ayah 80:4অথবা উপদেশ গ্ৰহণ কৰিব আৰু সেই উপদেশ তাৰ বাবে লাভজনক হ’ব।
أَمَّا مَنِ ٱسۡتَغۡنَىٰ
Open ayah 80:5আনহাতে যিয়ে নিজকে অমুখাপেক্ষী বুলি ভাবে,
فَأَنتَ لَهُۥ تَصَدَّىٰ
Open ayah 80:6তুমি তাৰ প্ৰতি মনোযোগ দিছা।
وَمَا عَلَيۡكَ أَلَّا يَزَّكَّىٰ
Open ayah 80:7অথচ সি পৰিশুদ্ধ নহ’লেও তোমাৰ কোনো দায়িত্ব নাই,
وَأَمَّا مَن جَآءَكَ يَسۡعَىٰ
Open ayah 80:8আনহাতে যিয়ে তোমাৰ ওচৰলৈ দৌৰি আহিল,
وَهُوَ يَخۡشَىٰ
Open ayah 80:9আৰু সি (আল্লাহক) ভয়ো কৰে,
فَأَنتَ عَنۡهُ تَلَهَّىٰ
Open ayah 80:10তাৰ প্ৰতি তুমি উদাসীন হ’লা।
كَلَّآ إِنَّهَا تَذۡكِرَةٞ
Open ayah 80:11কেতিয়াও নহয়, নিশ্চয় এইখন হৈছে উপদেশ বাণী,
فَمَن شَآءَ ذَكَرَهُۥ
Open ayah 80:12গতিকে যিয়ে ইচ্ছা কৰিব সিয়েই ইয়াক স্মৰণ ৰাখিব,
فِي صُحُفٖ مُّكَرَّمَةٖ
Open ayah 80:13এইখন মৰ্যাদাসম্পন্ন ছহীফাত লিপিবদ্ধ।
مَّرۡفُوعَةٖ مُّطَهَّرَةِۭ
Open ayah 80:14সমুন্নত, পৱিত্ৰ,
بِأَيۡدِي سَفَرَةٖ
Open ayah 80:15লেখক বা দূতসকলৰ হাতত।
كِرَامِۭ بَرَرَةٖ
Open ayah 80:16(যিসকল) মহাসন্মানিত, পূণ্যৱান।
قُتِلَ ٱلۡإِنسَٰنُ مَآ أَكۡفَرَهُۥ
Open ayah 80:17মানুহ ধ্বংস হওক, কিমান যে অকৃতজ্ঞ!
مِنۡ أَيِّ شَيۡءٍ خَلَقَهُۥ
Open ayah 80:18তেওঁ তাক কি বস্তুৰে সৃষ্টি কৰিছে?
مِن نُّطۡفَةٍ خَلَقَهُۥ فَقَدَّرَهُۥ
Open ayah 80:19শুক্ৰবিন্দুৰ পৰা। তেওঁ তাক সৃষ্টি কৰিছে, পিছত তাৰ পৰিমিত বিকাশ সাধন কৰিছে,
ثُمَّ ٱلسَّبِيلَ يَسَّرَهُۥ
Open ayah 80:20তাৰ পিছত তাৰ বাবে পথ সহজ কৰি দিছে;
ثُمَّ أَمَاتَهُۥ فَأَقۡبَرَهُۥ
Open ayah 80:21তাৰ পিছত তেৱেঁই তাক মৃত্যু প্ৰদান কৰে আৰু কবৰস্থ কৰে।
ثُمَّ إِذَا شَآءَ أَنشَرَهُۥ
Open ayah 80:22ইয়াৰ পিছত তেওঁ যেতিয়া ইচ্ছা কৰিব তাক পুনৰ্জীৱিত কৰিব।
كَلَّا لَمَّا يَقۡضِ مَآ أَمَرَهُۥ
Open ayah 80:23কেতিয়াও নহয়, তেওঁ তাক যি আদেশ কৰিছিল সেয়া সি এতিয়াও পূৰণ কৰা নাই।
فَلۡيَنظُرِ ٱلۡإِنسَٰنُ إِلَىٰ طَعَامِهِۦٓ
Open ayah 80:24এতেকে মানুহে নিজৰ খাদ্যৰ প্ৰতি লক্ষ্য কৰা উচিত।
أَنَّا صَبَبۡنَا ٱلۡمَآءَ صَبّٗا
Open ayah 80:25নিশ্চয় আমি প্ৰচুৰ পৰিমাণে পানী বৰ্ষণ কৰোঁ,
ثُمَّ شَقَقۡنَا ٱلۡأَرۡضَ شَقّٗا
Open ayah 80:26তাৰ পিছত আমি পৃথিৱীক যথাযথভাৱে বিদীৰ্ণ কৰোঁ;
فَأَنۢبَتۡنَا فِيهَا حَبّٗا
Open ayah 80:27তাৰ পিছত আমি তাত উৎপন্ন কৰোঁ শস্য;
وَعِنَبٗا وَقَضۡبٗا
Open ayah 80:28আঙুৰ আৰু শাক-পাচলি,
وَزَيۡتُونٗا وَنَخۡلٗا
Open ayah 80:29যায়তুন আৰু খেজুৰ গছ,
وَحَدَآئِقَ غُلۡبٗا
Open ayah 80:30ঘন গছ-গছনি বিশিষ্ট উদ্যান,
وَفَٰكِهَةٗ وَأَبّٗا
Open ayah 80:31ফল-মূল আৰু তৃণ-ঘাঁহ,
مَّتَٰعٗا لَّكُمۡ وَلِأَنۡعَٰمِكُمۡ
Open ayah 80:32এইবোৰ হৈছে তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ।
فَإِذَا جَآءَتِ ٱلصَّآخَّةُ
Open ayah 80:33এতেকে যেতিয়া তীক্ষ্ণ (বিকট) শব্দ আহিব,
يَوۡمَ يَفِرُّ ٱلۡمَرۡءُ مِنۡ أَخِيهِ
Open ayah 80:34সেইদিনা মানুহে পলায়ন কৰিব তাৰ ভাতৃৰ পৰা,
وَأُمِّهِۦ وَأَبِيهِ
Open ayah 80:35আৰু তাৰ মাক-বাপেকৰ পৰা,
وَصَٰحِبَتِهِۦ وَبَنِيهِ
Open ayah 80:36তাৰ স্ত্ৰী আৰু সন্তানৰ পৰা,
لِكُلِّ ٱمۡرِيٕٖ مِّنۡهُمۡ يَوۡمَئِذٖ شَأۡنٞ يُغۡنِيهِ
Open ayah 80:37সেইদিনা সিহঁত প্ৰত্যকৰে হ’ব এনে এক গুৰুতৰ অৱস্থা, যি অৱস্থাই তাক সম্পূৰ্ণৰূপে ব্যস্ত ৰাখিব।
وُجُوهٞ يَوۡمَئِذٖ مُّسۡفِرَةٞ
Open ayah 80:38সেইদিনা কিছুমান চেহেৰা হ’ব উজ্জ্বল,
ضَاحِكَةٞ مُّسۡتَبۡشِرَةٞ
Open ayah 80:39হাঁহিৰে ভৰা, আনন্দত উৎফুল্লিত,
وَوُجُوهٞ يَوۡمَئِذٍ عَلَيۡهَا غَبَرَةٞ
Open ayah 80:40আনহাতে সেইদিনা কিছুমান চেহেৰা হ’ব ধূলিৰে মলিন,
تَرۡهَقُهَا قَتَرَةٌ
Open ayah 80:41ক’লা আৱৰণে আৱৰি ধৰিব।
أُوْلَٰٓئِكَ هُمُ ٱلۡكَفَرَةُ ٱلۡفَجَرَةُ
Open ayah 80:42ইহঁতেই হৈছে কাফিৰ, অত্যন্ত পাপী।