الإنشقاق
Al-Inshiqaaq
Translation: Assamese - Rafeequl Islam Habibur · Open the surah
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
إِذَا ٱلسَّمَآءُ ٱنشَقَّتۡ
Open ayah 84:1যেতিয়া আকাশখন ভাগি পৰিব,
وَأَذِنَتۡ لِرَبِّهَا وَحُقَّتۡ
Open ayah 84:2আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে হৈছে তাৰ কৰ্তব্য।
وَإِذَا ٱلۡأَرۡضُ مُدَّتۡ
Open ayah 84:3আৰু যেতিয়া পৃথিৱীক সম্প্ৰসাৰিত কৰা হ’ব।
وَأَلۡقَتۡ مَا فِيهَا وَتَخَلَّتۡ
Open ayah 84:4আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা সকলোবোৰ বাহিৰলৈ নিক্ষেপ কৰিব আৰু ই গৰ্ভশূন্য হৈ পৰিব।
وَأَذِنَتۡ لِرَبِّهَا وَحُقَّتۡ
Open ayah 84:5আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে হৈছে তাৰ কৰ্তব্য।
يَٰٓأَيُّهَا ٱلۡإِنسَٰنُ إِنَّكَ كَادِحٌ إِلَىٰ رَبِّكَ كَدۡحٗا فَمُلَٰقِيهِ
Open ayah 84:6হে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ যোৱাৰ আগলৈকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তাৰ পিছতহে তুমি তেওঁৰ সাক্ষাৎ লাভ কৰিব পাৰিবা।
فَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ بِيَمِينِهِۦ
Open ayah 84:7এতেকে যাৰ আমলনামা তাৰ সোঁহাতত দিয়া হ’ব;
فَسَوۡفَ يُحَاسَبُ حِسَابٗا يَسِيرٗا
Open ayah 84:8অত্যন্ত সহজভাৱে তাৰ হিচাপ-নিকাচ লোৱা হ’ব।
وَيَنقَلِبُ إِلَىٰٓ أَهۡلِهِۦ مَسۡرُورٗا
Open ayah 84:9আৰু তেওঁ তাৰ আপোনজনৰ ওচৰলৈ প্ৰফুল্লচিত্তে উভতি যাব;
وَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ وَرَآءَ ظَهۡرِهِۦ
Open ayah 84:10আৰু যাৰ আমলনামা পিছফালৰ পৰা দিয়া হ’ব,
فَسَوۡفَ يَدۡعُواْ ثُبُورٗا
Open ayah 84:11সি নিজৰ বাবে ধ্বংস মাতিব;
وَيَصۡلَىٰ سَعِيرًا
Open ayah 84:12আৰু সি জ্বলন্ত জুইত প্ৰৱেশ কৰিব;
إِنَّهُۥ كَانَ فِيٓ أَهۡلِهِۦ مَسۡرُورًا
Open ayah 84:13নিশ্চয় সি নিজৰ পৰিয়াল বৰ্গৰ মাজত আনন্দ ফুৰ্তিত আছিল,
إِنَّهُۥ ظَنَّ أَن لَّن يَحُورَ
Open ayah 84:14নিশ্চয় সি ভাবিছিল যে, সি কেতিয়াও উভতি নাযাব;
بَلَىٰٓۚ إِنَّ رَبَّهُۥ كَانَ بِهِۦ بَصِيرٗا
Open ayah 84:15কিয় নাযাব, নিশ্চয় তাৰ প্ৰতিপালক তাৰ ওপৰত সম্যক দৃষ্টি দানকাৰী।
فَلَآ أُقۡسِمُ بِٱلشَّفَقِ
Open ayah 84:16এতেকে মই শপত কৰিছোঁ পশ্চিম আকাশৰ ৰঙা কিৰণৰ,
وَٱلَّيۡلِ وَمَا وَسَقَ
Open ayah 84:17ৰাতিৰ শপত আৰু ই যিবোৰৰ সমাবেশ ঘটায়,
وَٱلۡقَمَرِ إِذَا ٱتَّسَقَ
Open ayah 84:18আৰু চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰে;
لَتَرۡكَبُنَّ طَبَقًا عَن طَبَقٖ
Open ayah 84:19নিশ্চয় তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ আৰোহণ কৰিবা।
فَمَا لَهُمۡ لَا يُؤۡمِنُونَ
Open ayah 84:20কিন্তু সিহঁতৰ কি হ’ল, সিহঁতে ঈমান পোষণ নকৰে কিয়?
وَإِذَا قُرِئَ عَلَيۡهِمُ ٱلۡقُرۡءَانُ لَا يَسۡجُدُونَۤ۩
Open ayah 84:21আৰু যেতিয়া সিহঁতৰ ওচৰত কোৰআন তিলাৱাত কৰা হয় তেতিয়া সিহঁতে ছাজদা নকৰে কিয়?
بَلِ ٱلَّذِينَ كَفَرُواْ يُكَذِّبُونَ
Open ayah 84:22বৰং কাফিৰসকলে অস্বীকাৰ কৰে।
وَٱللَّهُ أَعۡلَمُ بِمَا يُوعُونَ
Open ayah 84:23আৰু সিহঁতে (অন্তৰত) যি পোষণ কৰে আল্লাহে সেই বিষয়ে সবিশেষ অৱগত।
فَبَشِّرۡهُم بِعَذَابٍ أَلِيمٍ
Open ayah 84:24সেয়ে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া;
إِلَّا ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ لَهُمۡ أَجۡرٌ غَيۡرُ مَمۡنُونِۭ
Open ayah 84:25কিন্তু যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন প্ৰতিদান।