البروج
Al-Burooj
Translation: Assamese - Rafeequl Islam Habibur · Open the surah
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
وَٱلسَّمَآءِ ذَاتِ ٱلۡبُرُوجِ
Open ayah 85:1শপত বুৰূজবিশিষ্ট আকাশৰ,
وَٱلۡيَوۡمِ ٱلۡمَوۡعُودِ
Open ayah 85:2শপত প্ৰতিশ্ৰুতিকৃত দিৱসৰ,
وَشَاهِدٖ وَمَشۡهُودٖ
Open ayah 85:3শপত দ্ৰষ্টা আৰু দৃষ্টৰ,
قُتِلَ أَصۡحَٰبُ ٱلۡأُخۡدُودِ
Open ayah 85:4অভিশপ্ত হৈছিল অগ্নিকুণ্ডৰ অধিপতিসকল,
ٱلنَّارِ ذَاتِ ٱلۡوَقُودِ
Open ayah 85:5য’ত আছিল ইন্ধনপূৰ্ণ জুই।
إِذۡ هُمۡ عَلَيۡهَا قُعُودٞ
Open ayah 85:6যেতিয়া সিহঁত ইয়াৰ কাষত উপবিষ্ট আছিল;
وَهُمۡ عَلَىٰ مَا يَفۡعَلُونَ بِٱلۡمُؤۡمِنِينَ شُهُودٞ
Open ayah 85:7আৰু সিহঁতে মুমিনসকলৰ লগত যি কৰিছিল সেয়া প্ৰত্যক্ষ কৰিছিল।
وَمَا نَقَمُواْ مِنۡهُمۡ إِلَّآ أَن يُؤۡمِنُواْ بِٱللَّهِ ٱلۡعَزِيزِ ٱلۡحَمِيدِ
Open ayah 85:8আৰু সিহঁতে তেওঁলোকক নিৰ্যাতন কৰিছিল কেৱল এই কাৰণে যে, তেওঁলোকে ঈমান আনিছিল পৰাক্ৰমশালী আৰু প্ৰশংসাৰ যোগ্য আল্লাহৰ ওপৰত,
ٱلَّذِي لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ وَٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ شَهِيدٌ
Open ayah 85:9যাৰ অধিকাৰত আছে আকাশ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু আল্লাহ সকলো বস্তুৰ প্ৰত্যক্ষদৰ্শী।
إِنَّ ٱلَّذِينَ فَتَنُواْ ٱلۡمُؤۡمِنِينَ وَٱلۡمُؤۡمِنَٰتِ ثُمَّ لَمۡ يَتُوبُواْ فَلَهُمۡ عَذَابُ جَهَنَّمَ وَلَهُمۡ عَذَابُ ٱلۡحَرِيقِ
Open ayah 85:10নিশ্চয় যিসকলে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক বিপদাপন্ন কৰিছে তাৰ পিছত তাওবা কৰা নাই, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি, লগতে সিহঁতৰ বাবে আছে দহন যন্ত্ৰণা।
إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ لَهُمۡ جَنَّٰتٞ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُۚ ذَٰلِكَ ٱلۡفَوۡزُ ٱلۡكَبِيرُ
Open ayah 85:11নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীমালা প্ৰবাহিত; এইটোৱে হৈছে মহা সফলতা।
إِنَّ بَطۡشَ رَبِّكَ لَشَدِيدٌ
Open ayah 85:12নিশ্চয় তোমাৰ প্ৰতিপালকৰ কৰায়ত্ব অতি কঠোৰ।
إِنَّهُۥ هُوَ يُبۡدِئُ وَيُعِيدُ
Open ayah 85:13তেৱেঁই অস্তিত্ব প্ৰদান কৰে আৰু তেৱেঁই পুনৰাৱৰ্তন ঘটায়,
وَهُوَ ٱلۡغَفُورُ ٱلۡوَدُودُ
Open ayah 85:14নিশ্চয় তেওঁ ক্ষমাশীল, অতি স্নেহশীল।
ذُو ٱلۡعَرۡشِ ٱلۡمَجِيدُ
Open ayah 85:15আৰছৰ অধিপতি, মহা সন্মানীয়।
فَعَّالٞ لِّمَا يُرِيدُ
Open ayah 85:16তেওঁ যি বিচাৰে সেইটোৱে কৰে।
هَلۡ أَتَىٰكَ حَدِيثُ ٱلۡجُنُودِ
Open ayah 85:17তোমাৰ ওচৰলৈ সৈন্যবাহিনীৰ বৃত্তান্ত আহি পাইছেনে?
فِرۡعَوۡنَ وَثَمُودَ
Open ayah 85:18ফিৰআউনৰ আৰু ছামূদৰ।
بَلِ ٱلَّذِينَ كَفَرُواْ فِي تَكۡذِيبٖ
Open ayah 85:19তথাপিও কাফিৰসকল মিথ্যাৰোপ কৰাত লিপ্ত;
وَٱللَّهُ مِن وَرَآئِهِم مُّحِيطُۢ
Open ayah 85:20আৰু আল্লাহে সিহঁতক কেউফালৰ পৰা পৰিবেষ্টন কৰি আছে।
بَلۡ هُوَ قُرۡءَانٞ مَّجِيدٞ
Open ayah 85:21প্ৰকৃততে এইখন হৈছে সন্মানিত কোৰআন,
فِي لَوۡحٖ مَّحۡفُوظِۭ
Open ayah 85:22সুৰক্ষিত ফলকত লিপিবদ্ধ।