الطارق
At-Taariq
Translation: Assamese - Rafeequl Islam Habibur · Open the surah
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
وَٱلسَّمَآءِ وَٱلطَّارِقِ
Open ayah 86:1শপত আকাশৰ আৰু যি ৰাতিত আত্মপ্ৰকাশ কৰে;
وَمَآ أَدۡرَىٰكَ مَا ٱلطَّارِقُ
Open ayah 86:2আৰু কিহে তোমাক জনাব যে, ৰাতিত যিয়ে আত্মপ্ৰকাশ কৰে, সেয়ানো কি?
ٱلنَّجۡمُ ٱلثَّاقِبُ
Open ayah 86:3(সেয়া হৈছে) উজ্জ্বল নক্ষত্ৰ।
إِن كُلُّ نَفۡسٖ لَّمَّا عَلَيۡهَا حَافِظٞ
Open ayah 86:4প্ৰত্যেক জীৱৰ ওপৰতেই এজন তত্ত্বাৱধায়ক আছে।
فَلۡيَنظُرِ ٱلۡإِنسَٰنُ مِمَّ خُلِقَ
Open ayah 86:5এতেকে মানুহে চিন্তা কৰা উচিত যে, তাক কিহেৰে সৃষ্টি কৰা হৈছে!
خُلِقَ مِن مَّآءٖ دَافِقٖ
Open ayah 86:6তাক সৃষ্টি কৰা হৈছে দ্ৰুতগতিত স্খলিত হোৱা পানীৰে,
يَخۡرُجُ مِنۢ بَيۡنِ ٱلصُّلۡبِ وَٱلتَّرَآئِبِ
Open ayah 86:7যিটো নিৰ্গত হয় মেৰুদণ্ড আৰু বুকুৰ মাজৰ পৰা।
إِنَّهُۥ عَلَىٰ رَجۡعِهِۦ لَقَادِرٞ
Open ayah 86:8নিশ্চয় তেওঁ তাক ওভোতাই আনিবলৈ সক্ষম।
يَوۡمَ تُبۡلَى ٱلسَّرَآئِرُ
Open ayah 86:9যিদিনা গোপন বিষয়সমূহ পৰীক্ষা কৰা হ’ব,
فَمَا لَهُۥ مِن قُوَّةٖ وَلَا نَاصِرٖ
Open ayah 86:10সেইদিনা তাৰ কোনো শক্তি নাথাকিব আৰু কোনো সহায়কাৰীও নাথাকিব।
وَٱلسَّمَآءِ ذَاتِ ٱلرَّجۡعِ
Open ayah 86:11শপত আকাশৰ, যিয়ে বৰষুণ ধাৰণ কৰে,
وَٱلۡأَرۡضِ ذَاتِ ٱلصَّدۡعِ
Open ayah 86:12শপত পৃথিৱীৰ, যিটো বিদীৰ্ণ হয়,
إِنَّهُۥ لَقَوۡلٞ فَصۡلٞ
Open ayah 86:13নিশ্চয় এইখন (আল-কোৰআন) হৈছে মীমাংসাকাৰী বাণী।
وَمَا هُوَ بِٱلۡهَزۡلِ
Open ayah 86:14আৰু এইখন নিৰৰ্থক নহয়।
إِنَّهُمۡ يَكِيدُونَ كَيۡدٗا
Open ayah 86:15নিশ্চয় সিহঁতে ভীষণ ষড়যন্ত্ৰ কৰে,
وَأَكِيدُ كَيۡدٗا
Open ayah 86:16আৰু ময়ো ভীষণ কৌশল কৰিছোঁ।
فَمَهِّلِ ٱلۡكَٰفِرِينَ أَمۡهِلۡهُمۡ رُوَيۡدَۢا
Open ayah 86:17এতেকে কাফিৰসকলক অৱকাশ দিয়া; সিহঁতক কিছু সময়ৰ বাবে অৱকাশ দিয়া।