القيامة
Al-Qiyaama
Translation: Assamese - Rafeequl Islam Habibur · Open the surah
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
لَآ أُقۡسِمُ بِيَوۡمِ ٱلۡقِيَٰمَةِ
Open ayah 75:1মই শপত কৰিছোঁ ক্বিয়ামতৰ দিৱসৰ,
وَلَآ أُقۡسِمُ بِٱلنَّفۡسِ ٱللَّوَّامَةِ
Open ayah 75:2মই আৰু শপত কৰিছোঁ আত্মনিন্দাকাৰী আত্মাৰ,
أَيَحۡسَبُ ٱلۡإِنسَٰنُ أَلَّن نَّجۡمَعَ عِظَامَهُۥ
Open ayah 75:3মানুহে ভাবে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম?
بَلَىٰ قَٰدِرِينَ عَلَىٰٓ أَن نُّسَوِّيَ بَنَانَهُۥ
Open ayah 75:4কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম।
بَلۡ يُرِيدُ ٱلۡإِنسَٰنُ لِيَفۡجُرَ أَمَامَهُۥ
Open ayah 75:5বৰং মানুহে ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ ইচ্ছুক।
يَسۡـَٔلُ أَيَّانَ يَوۡمُ ٱلۡقِيَٰمَةِ
Open ayah 75:6সি প্ৰশ্ন কৰে, ক্বিয়ামত দিৱস কেতিয়া আহিব?
فَإِذَا بَرِقَ ٱلۡبَصَرُ
Open ayah 75:7এতেকে যেতিয়া চকু স্থিৰ হৈ যাব,
وَخَسَفَ ٱلۡقَمَرُ
Open ayah 75:8আৰু চন্দ্ৰ জ্যোতিবিহীন হৈ পৰিব,
وَجُمِعَ ٱلشَّمۡسُ وَٱلۡقَمَرُ
Open ayah 75:9আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব-
يَقُولُ ٱلۡإِنسَٰنُ يَوۡمَئِذٍ أَيۡنَ ٱلۡمَفَرُّ
Open ayah 75:10সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’?
كَلَّا لَا وَزَرَ
Open ayah 75:11কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই।
إِلَىٰ رَبِّكَ يَوۡمَئِذٍ ٱلۡمُسۡتَقَرُّ
Open ayah 75:12সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত।
يُنَبَّؤُاْ ٱلۡإِنسَٰنُ يَوۡمَئِذِۭ بِمَا قَدَّمَ وَأَخَّرَ
Open ayah 75:13সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব, সি আগলৈ কি পঠিয়াইছিল আৰু পিছফালে কি থৈ আহিছে।
بَلِ ٱلۡإِنسَٰنُ عَلَىٰ نَفۡسِهِۦ بَصِيرَةٞ
Open ayah 75:14বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত,
وَلَوۡ أَلۡقَىٰ مَعَاذِيرَهُۥ
Open ayah 75:15যদিও সি নানা অজুহাত দেখুৱায়।
لَا تُحَرِّكۡ بِهِۦ لِسَانَكَ لِتَعۡجَلَ بِهِۦٓ
Open ayah 75:16ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা।
إِنَّ عَلَيۡنَا جَمۡعَهُۥ وَقُرۡءَانَهُۥ
Open ayah 75:17নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই।
فَإِذَا قَرَأۡنَٰهُ فَٱتَّبِعۡ قُرۡءَانَهُۥ
Open ayah 75:18এতেকে আমি যেতিয়া (জিব্ৰীলৰ মাধ্যমত) ইয়াক পাঠ কৰোঁ তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰিবা,
ثُمَّ إِنَّ عَلَيۡنَا بَيَانَهُۥ
Open ayah 75:19তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্বও নিশ্চিতভাৱে আমাৰেই।
كَلَّا بَلۡ تُحِبُّونَ ٱلۡعَاجِلَةَ
Open ayah 75:20কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনকহে ভাল পোৱা;
وَتَذَرُونَ ٱلۡأٓخِرَةَ
Open ayah 75:21আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা।
وُجُوهٞ يَوۡمَئِذٖ نَّاضِرَةٌ
Open ayah 75:22সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব,
إِلَىٰ رَبِّهَا نَاظِرَةٞ
Open ayah 75:23সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।
وَوُجُوهٞ يَوۡمَئِذِۭ بَاسِرَةٞ
Open ayah 75:24আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব,
تَظُنُّ أَن يُفۡعَلَ بِهَا فَاقِرَةٞ
Open ayah 75:25সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব।
كَلَّآ إِذَا بَلَغَتِ ٱلتَّرَاقِيَ
Open ayah 75:26নিশ্চয়, যেতিয়া প্ৰাণ কণ্ঠাগত হ’ব,
وَقِيلَ مَنۡۜ رَاقٖ
Open ayah 75:27আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’?
وَظَنَّ أَنَّهُ ٱلۡفِرَاقُ
Open ayah 75:28তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ।
وَٱلۡتَفَّتِ ٱلسَّاقُ بِٱلسَّاقِ
Open ayah 75:29আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব।
إِلَىٰ رَبِّكَ يَوۡمَئِذٍ ٱلۡمَسَاقُ
Open ayah 75:30সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব।
فَلَا صَدَّقَ وَلَا صَلَّىٰ
Open ayah 75:31কাৰণ সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই।
وَلَٰكِن كَذَّبَ وَتَوَلَّىٰ
Open ayah 75:32বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।
ثُمَّ ذَهَبَ إِلَىٰٓ أَهۡلِهِۦ يَتَمَطَّىٰٓ
Open ayah 75:33তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল,
أَوۡلَىٰ لَكَ فَأَوۡلَىٰ
Open ayah 75:34দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ!
ثُمَّ أَوۡلَىٰ لَكَ فَأَوۡلَىٰٓ
Open ayah 75:35আকৌ দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ!
أَيَحۡسَبُ ٱلۡإِنسَٰنُ أَن يُتۡرَكَ سُدًى
Open ayah 75:36মানুহে ভাবে নেকি যে, তাক এনেই এৰি দিয়া হ’ব?
أَلَمۡ يَكُ نُطۡفَةٗ مِّن مَّنِيّٖ يُمۡنَىٰ
Open ayah 75:37সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়?
ثُمَّ كَانَ عَلَقَةٗ فَخَلَقَ فَسَوَّىٰ
Open ayah 75:38তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।
فَجَعَلَ مِنۡهُ ٱلزَّوۡجَيۡنِ ٱلذَّكَرَ وَٱلۡأُنثَىٰٓ
Open ayah 75:39তাৰ পিছত তেওঁ তাৰ পৰাই সৃষ্টি কৰে যোৰ যোৰকৈ নৰ-নাৰী।
أَلَيۡسَ ذَٰلِكَ بِقَٰدِرٍ عَلَىٰٓ أَن يُحۡـِۧيَ ٱلۡمَوۡتَىٰ
Open ayah 75:40সেইজন স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু?