الغاشية
Al-Ghaashiya
Translation: Assamese - Rafeequl Islam Habibur · Open the surah
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
هَلۡ أَتَىٰكَ حَدِيثُ ٱلۡغَٰشِيَةِ
Open ayah 88:1তোমাৰ ওচৰলৈ আচ্ছন্নকাৰী (ক্বিয়ামতৰ) সংবাদ আহিছেনে?
وُجُوهٞ يَوۡمَئِذٍ خَٰشِعَةٌ
Open ayah 88:2সেইদিনা কিছুমান মুখমণ্ডল হ’ব অৱনত,
عَامِلَةٞ نَّاصِبَةٞ
Open ayah 88:3কৰ্মক্লান্ত, পৰিশ্ৰান্ত,
تَصۡلَىٰ نَارًا حَامِيَةٗ
Open ayah 88:4সিহঁতে প্ৰৱেশ কৰিব জ্বলন্ত জুইত;
تُسۡقَىٰ مِنۡ عَيۡنٍ ءَانِيَةٖ
Open ayah 88:5(সিহঁতক) উত্তপ্ত উতলা নিজৰাৰ পানী খাবলৈ দিয়া হ’ব;
لَّيۡسَ لَهُمۡ طَعَامٌ إِلَّا مِن ضَرِيعٖ
Open ayah 88:6সিহঁতৰ বাবে কাঁইটবিশিষ্ট ঘাঁহৰ বাহিৰে আন কোনো খাদ্য নাথাকিব,
لَّا يُسۡمِنُ وَلَا يُغۡنِي مِن جُوعٖ
Open ayah 88:7এই খাদ্যই সিহঁতৰ পুষ্টিও সাধন নকৰিব আৰু ক্ষুধাও নিবৃত্ত নকৰিব।
وُجُوهٞ يَوۡمَئِذٖ نَّاعِمَةٞ
Open ayah 88:8সেইদিনা কিছুমান মুখমণ্ডল হ’ব আনন্দোজ্জ্বল,
لِّسَعۡيِهَا رَاضِيَةٞ
Open ayah 88:9নিজৰ কৰ্মৰ সাফল্যত পৰিতৃপ্ত,
فِي جَنَّةٍ عَالِيَةٖ
Open ayah 88:10(তেওঁলোকে স্থান পাব) সুউচ্চ জান্নাতত,
لَّا تَسۡمَعُ فِيهَا لَٰغِيَةٗ
Open ayah 88:11তাত তেওঁলোকে কোনো অনৰ্থক কথা শুনিবলৈ নাপাব,
فِيهَا عَيۡنٞ جَارِيَةٞ
Open ayah 88:12তাত থাকিব প্ৰবাহমান নিজৰা,
فِيهَا سُرُرٞ مَّرۡفُوعَةٞ
Open ayah 88:13তাত থাকিব উন্নত শয্যাসমূহ,
وَأَكۡوَابٞ مَّوۡضُوعَةٞ
Open ayah 88:14আৰু প্ৰস্তুত থাকিব পানপাত্ৰসমূহ,
وَنَمَارِقُ مَصۡفُوفَةٞ
Open ayah 88:15আৰু শাৰী শাৰীকৈ ৰখা গাৰুসমূহ,
وَزَرَابِيُّ مَبۡثُوثَةٌ
Open ayah 88:16আৰু বিস্তৃত পাৰি থোৱা দলিচাসমূহ,
أَفَلَا يَنظُرُونَ إِلَى ٱلۡإِبِلِ كَيۡفَ خُلِقَتۡ
Open ayah 88:17ইহঁতে উটৰ পিনে দৃষ্টিপাত নকৰে নেকি, কেনেকৈ তাক সৃষ্টি কৰা হৈছে?
وَإِلَى ٱلسَّمَآءِ كَيۡفَ رُفِعَتۡ
Open ayah 88:18আৰু আকাশৰ ফালে, কেনেকৈ তাক উৰ্দ্ধত স্থাপন কৰা হৈছে?
وَإِلَى ٱلۡجِبَالِ كَيۡفَ نُصِبَتۡ
Open ayah 88:19আৰু পৰ্বতসমূহৰ ফালে, সেইবোৰ কেনেকৈ প্ৰতিষ্ঠিত কৰা হৈছে?
وَإِلَى ٱلۡأَرۡضِ كَيۡفَ سُطِحَتۡ
Open ayah 88:20আৰু পৃথিৱীখনৰ ফালে, কিদৰে তাক বিস্তৃত কৰা হৈছে?
فَذَكِّرۡ إِنَّمَآ أَنتَ مُذَكِّرٞ
Open ayah 88:21এতেকে তুমি উপদেশ দিয়া, তুমিতো কেৱল এজন উপদেশদাতা,
لَّسۡتَ عَلَيۡهِم بِمُصَيۡطِرٍ
Open ayah 88:22তুমি সিহঁতৰ ওপৰত শক্তি প্ৰয়োগকাৰী নহয়।
إِلَّا مَن تَوَلَّىٰ وَكَفَرَ
Open ayah 88:23কিন্তু কোনোবাই মুখ ঘূৰাই ল’লে অথবা কুফৰী কৰিলে,
فَيُعَذِّبُهُ ٱللَّهُ ٱلۡعَذَابَ ٱلۡأَكۡبَرَ
Open ayah 88:24তেন্তে আল্লাহে তাক মহাশাস্তি প্ৰদান কৰিব।
إِنَّ إِلَيۡنَآ إِيَابَهُمۡ
Open ayah 88:25নিশ্চয় আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন।
ثُمَّ إِنَّ عَلَيۡنَا حِسَابَهُم
Open ayah 88:26আৰু সিহঁতৰ হিচাপ-নিকাচ আমাৰেই দায়িত্ব।