الشمس
Ash-Shams
Translation: Assamese - Rafeequl Islam Habibur · Open the surah
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
وَٱلشَّمۡسِ وَضُحَىٰهَا
Open ayah 91:1শপত সূৰ্যৰ আৰু তাৰ পোহৰৰ,
وَٱلۡقَمَرِ إِذَا تَلَىٰهَا
Open ayah 91:2শপত চন্দ্ৰৰ, যেতিয়া সূৰ্যৰ পিছত ইয়াৰ আবিৰ্ভাৱ হয়,
وَٱلنَّهَارِ إِذَا جَلَّىٰهَا
Open ayah 91:3আৰু দিনৰ শপত, যেতিয়া ই সূৰ্যক প্ৰকাশ কৰে,
وَٱلَّيۡلِ إِذَا يَغۡشَىٰهَا
Open ayah 91:4ৰাতিৰ শপত যেতিয়া ই সূৰ্যক আচ্ছাদিত কৰে,
وَٱلسَّمَآءِ وَمَا بَنَىٰهَا
Open ayah 91:5শপত আকাশৰ আৰু সেই সত্ত্বাৰ যিজনে ইয়াক নিৰ্মাণ কৰিছে,
وَٱلۡأَرۡضِ وَمَا طَحَىٰهَا
Open ayah 91:6পৃথিৱীৰ শপত আৰু যিজনে ইয়াক বিস্তৃত কৰিছে,
وَنَفۡسٖ وَمَا سَوَّىٰهَا
Open ayah 91:7শপত প্ৰাণৰ আৰু যিজনে ইয়াক সুবিন্যস্ত কৰিছে,
فَأَلۡهَمَهَا فُجُورَهَا وَتَقۡوَىٰهَا
Open ayah 91:8তাৰ পিছত ইয়াক তাৰ সৎকৰ্মৰ আৰু অসৎকৰ্মৰ জ্ঞান দান কৰিছে,
قَدۡ أَفۡلَحَ مَن زَكَّىٰهَا
Open ayah 91:9নিঃসন্দেহে সিয়েই সফল হৈছে যিয়ে নিজকে পৱিত্ৰ কৰিছে।
وَقَدۡ خَابَ مَن دَسَّىٰهَا
Open ayah 91:10আৰু সিয়েই ব্যৰ্থ হৈছে, যিয়ে নিজকে কলুষিত কৰিছে।
كَذَّبَتۡ ثَمُودُ بِطَغۡوَىٰهَآ
Open ayah 91:11ছামূদ সম্প্ৰদায়ে অবাধ্যতাবশতঃ (সত্যক) অস্বীকাৰ কৰিছিল।
إِذِ ٱنۢبَعَثَ أَشۡقَىٰهَا
Open ayah 91:12যেতিয়া সিহঁতৰ মাজৰ দুৰ্ভগীয়া ব্যক্তিজন তৎপৰ হৈ উঠিছিল,
فَقَالَ لَهُمۡ رَسُولُ ٱللَّهِ نَاقَةَ ٱللَّهِ وَسُقۡيَٰهَا
Open ayah 91:13তেতিয়া আল্লাহৰ ৰাছুলে সিহঁতক কৈছিল, 'আল্লাহৰ উটজনীক আৰু তাইৰ পানী খোৱা সম্পৰ্কে সাৱধান হোৱা'।
فَكَذَّبُوهُ فَعَقَرُوهَا فَدَمۡدَمَ عَلَيۡهِمۡ رَبُّهُم بِذَنۢبِهِمۡ فَسَوَّىٰهَا
Open ayah 91:14কিন্তু সিহঁতে অস্বীকাৰ কৰিছিল আৰু উটজনীক বধ কৰিছিল। ফলত সিহঁতৰ প্ৰতিপালকে সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক সমূলে ধ্বংস কৰি একাকাৰ কৰি দিছিল।
وَلَا يَخَافُ عُقۡبَٰهَا
Open ayah 91:15আৰু তেওঁ ইয়াৰ পৰিণামক কেতিয়াও ভয় নকৰে।