الليل
Al-Lail
Translation: Assamese - Rafeequl Islam Habibur · Open the surah
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
وَٱلَّيۡلِ إِذَا يَغۡشَىٰ
Open ayah 92:1শপত ৰাতিৰ, যেতিয়া ই আচ্ছন্ন কৰে,
وَٱلنَّهَارِ إِذَا تَجَلَّىٰ
Open ayah 92:2শপত দিনৰ, যেতিয়া ই উজ্জ্বল হয়,
وَمَا خَلَقَ ٱلذَّكَرَ وَٱلۡأُنثَىٰٓ
Open ayah 92:3আৰু শপত সেই সত্ত্বাৰ, যিজনে নৰ আৰু নাৰীক সৃষ্টি কৰিছে।
إِنَّ سَعۡيَكُمۡ لَشَتَّىٰ
Open ayah 92:4নিশ্চয় তোমালোকৰ কৰ্মপ্ৰচেষ্টা বিভিন্ন প্ৰকৃতিৰ।
فَأَمَّا مَنۡ أَعۡطَىٰ وَٱتَّقَىٰ
Open ayah 92:5এতেকে যিয়ে দান কৰে আৰু তাক্বৱা অৱলম্বন কৰে,
وَصَدَّقَ بِٱلۡحُسۡنَىٰ
Open ayah 92:6লগতে যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰে,
فَسَنُيَسِّرُهُۥ لِلۡيُسۡرَىٰ
Open ayah 92:7শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম (জান্নাতৰ) সহজ পথ।
وَأَمَّا مَنۢ بَخِلَ وَٱسۡتَغۡنَىٰ
Open ayah 92:8আনহাতে যিয়ে কৃপণালি কৰে আৰু নিজকে স্বয়ংসম্পূৰ্ণ বুলি ভাবে,
وَكَذَّبَ بِٱلۡحُسۡنَىٰ
Open ayah 92:9লগতে যি উত্তম তাক অস্বীকাৰ কৰে,
فَسَنُيَسِّرُهُۥ لِلۡعُسۡرَىٰ
Open ayah 92:10শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম (জাহান্নামৰ) কঠিন পৰিণামৰ পথ।
وَمَا يُغۡنِي عَنۡهُ مَالُهُۥٓ إِذَا تَرَدَّىٰٓ
Open ayah 92:11যেতিয়া সি ধ্বংস হ’ব, তেতিয়া তাৰ সম্পদ কোনো কামত নাহিব।
إِنَّ عَلَيۡنَا لَلۡهُدَىٰ
Open ayah 92:12নিশ্চয় পথপ্ৰদৰ্শন কৰাটোৱে হৈছে আমাৰ কৰ্তব্য।
وَإِنَّ لَنَا لَلۡأٓخِرَةَ وَٱلۡأُولَىٰ
Open ayah 92:13নিশ্চয় আমিয়েই পৰকাল আৰু ইহকালৰ মালিক।
فَأَنذَرۡتُكُمۡ نَارٗا تَلَظَّىٰ
Open ayah 92:14এতেকে আমি তোমালোকক লেলিহান জুই সম্পৰ্কে সতৰ্ক কৰি দিছোঁ।
لَا يَصۡلَىٰهَآ إِلَّا ٱلۡأَشۡقَى
Open ayah 92:15তাত প্ৰৱেশ কৰিব কেৱল সেই ব্যক্তি, যিজন হ’ব চৰম দুৰ্ভগীয়া,
ٱلَّذِي كَذَّبَ وَتَوَلَّىٰ
Open ayah 92:16যিয়ে অস্বীকাৰ কৰিছে আৰু মুখ ঘূৰাই লৈছে।
وَسَيُجَنَّبُهَا ٱلۡأَتۡقَى
Open ayah 92:17আৰু ইয়াৰ পৰা দুৰৈত ৰখা হ’ব পৰম মুত্তাক্বী ব্যক্তিক,
ٱلَّذِي يُؤۡتِي مَالَهُۥ يَتَزَكَّىٰ
Open ayah 92:18যিয়ে আত্মশুদ্ধিৰ বাবে নিজৰ সম্পদ দান কৰে,
وَمَا لِأَحَدٍ عِندَهُۥ مِن نِّعۡمَةٖ تُجۡزَىٰٓ
Open ayah 92:19আৰু তাৰ প্ৰতি কাৰো এনে অনুগ্ৰহ নাই যাৰ প্ৰতিদান দিব লাগিব,
إِلَّا ٱبۡتِغَآءَ وَجۡهِ رَبِّهِ ٱلۡأَعۡلَىٰ
Open ayah 92:20কেৱল তাৰ মহান প্ৰতিপালকৰ সন্তুষ্টিৰ প্ৰত্যাশাত;
وَلَسَوۡفَ يَرۡضَىٰ
Open ayah 92:21আৰু অনতিপলমে তেওঁ সন্তুষ্টি লাভ কৰিব।