التكاثر
At-Takaathur
Translation: Assamese - Rafeequl Islam Habibur · Open the surah
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
أَلۡهَىٰكُمُ ٱلتَّكَاثُرُ
Open ayah 102:1প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে।
حَتَّىٰ زُرۡتُمُ ٱلۡمَقَابِرَ
Open ayah 102:2যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা।
كَلَّا سَوۡفَ تَعۡلَمُونَ
Open ayah 102:3সাৱধান! অতি সোনকালে তোমালোকে জানিবলৈ পাবা।
ثُمَّ كَلَّا سَوۡفَ تَعۡلَمُونَ
Open ayah 102:4আকৌ সাৱধান! অতি সোনকালে তোমালোকে জানিবলৈ পাবা।
كَلَّا لَوۡ تَعۡلَمُونَ عِلۡمَ ٱلۡيَقِينِ
Open ayah 102:5হায়! তোমালোকৰ নিশ্চিত জ্ঞান থাকিলে, নিশ্চিতভাৱে তোমালোকে জানিব পাৰিলাহেঁতেন (এই প্ৰতিযোগিতাৰ পৰিণাম কি)।
لَتَرَوُنَّ ٱلۡجَحِيمَ
Open ayah 102:6নিশ্চয় তোমালোকে জাহীম (জাহান্নাম) দেখিবলৈ পাবা।
ثُمَّ لَتَرَوُنَّهَا عَيۡنَ ٱلۡيَقِينِ
Open ayah 102:7আকৌ কৈছোঁ, নিশ্চয় তোমালোকে ইয়াক পতিয়ন যোৱাকৈ দেখিবা।
ثُمَّ لَتُسۡـَٔلُنَّ يَوۡمَئِذٍ عَنِ ٱلنَّعِيمِ
Open ayah 102:8তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।