القارعة
Al-Qaari'a
Translation: Assamese - Rafeequl Islam Habibur · Open the surah
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
ٱلۡقَارِعَةُ
Open ayah 101:1ভীতিপ্ৰদ মহা বিপদ।
مَا ٱلۡقَارِعَةُ
Open ayah 101:2ভীতিপ্ৰদ মহা বিপদ কি?
وَمَآ أَدۡرَىٰكَ مَا ٱلۡقَارِعَةُ
Open ayah 101:3ভীতিপ্ৰদ মহা বিপদ সম্পৰ্কে তুমি কি জানা?
يَوۡمَ يَكُونُ ٱلنَّاسُ كَٱلۡفَرَاشِ ٱلۡمَبۡثُوثِ
Open ayah 101:4সেইদিনা মানুহ হ’ব বিক্ষিপ্ত কীট-পতঙ্গৰ দৰে।
وَتَكُونُ ٱلۡجِبَالُ كَٱلۡعِهۡنِ ٱلۡمَنفُوشِ
Open ayah 101:5আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙীন ঊণৰ দৰে।
فَأَمَّا مَن ثَقُلَتۡ مَوَٰزِينُهُۥ
Open ayah 101:6এতেকে যাৰ (ছোৱাবৰ) তুলাচনী গধুৰ হ’ব,
فَهُوَ فِي عِيشَةٖ رَّاضِيَةٖ
Open ayah 101:7তেওঁ থাকিব সন্তোষজনক জীৱনত;
وَأَمَّا مَنۡ خَفَّتۡ مَوَٰزِينُهُۥ
Open ayah 101:8আৰু যাৰ পাল্লা পাতল হ’ব,
فَأُمُّهُۥ هَاوِيَةٞ
Open ayah 101:9তাৰ ঠিকনা হ’ব ‘হা-ৱিয়াহ’।
وَمَآ أَدۡرَىٰكَ مَا هِيَهۡ
Open ayah 101:10আৰু তুমি কি জানা সেইটোনো কি?
نَارٌ حَامِيَةُۢ
Open ayah 101:11সেইটো হৈছে এটা অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।