العاديات
Al-Aadiyaat
Translation: Assamese - Rafeequl Islam Habibur · Open the surah
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
وَٱلۡعَٰدِيَٰتِ ضَبۡحٗا
Open ayah 100:1শপত ঊৰ্ধ্বশ্বাসত দৌৰি যোৱা ঘোঁৰাবোৰৰ,
فَٱلۡمُورِيَٰتِ قَدۡحٗا
Open ayah 100:2যিবোৰে ক্ষুৰৰ আঘাতত ফিৰিঙতি উৰুৱায়,
فَٱلۡمُغِيرَٰتِ صُبۡحٗا
Open ayah 100:3যিবোৰে প্ৰভাতকালত আক্ৰমণ কৰে,
فَأَثَرۡنَ بِهِۦ نَقۡعٗا
Open ayah 100:4ফলত সিহঁতে ইয়াৰ দ্বাৰা ধূলি উৰুৱায়;
فَوَسَطۡنَ بِهِۦ جَمۡعًا
Open ayah 100:5আৰু ইয়াৰ দ্বাৰা শত্ৰু দলৰ অভ্যন্তৰত সোমাই পৰে।
إِنَّ ٱلۡإِنسَٰنَ لِرَبِّهِۦ لَكَنُودٞ
Open ayah 100:6নিশ্চয় মানুহ তাৰ প্ৰতিপালকৰ প্ৰতি অতিকৈ অকৃতজ্ঞ,
وَإِنَّهُۥ عَلَىٰ ذَٰلِكَ لَشَهِيدٞ
Open ayah 100:7নিশ্চয় সি এই বিষয়ে সাক্ষী,
وَإِنَّهُۥ لِحُبِّ ٱلۡخَيۡرِ لَشَدِيدٌ
Open ayah 100:8আৰু নিশ্চয় সি ধন-সম্পদৰ লোভত খুবেই প্ৰবল।
۞أَفَلَا يَعۡلَمُ إِذَا بُعۡثِرَ مَا فِي ٱلۡقُبُورِ
Open ayah 100:9সি নাজানে নেকি যে, কবৰত যি আছে সেয়া উত্থিত হ’ব,
وَحُصِّلَ مَا فِي ٱلصُّدُورِ
Open ayah 100:10আৰু অন্তৰত যি আছে সেয়া প্ৰকাশিত হ’ব?
إِنَّ رَبَّهُم بِهِمۡ يَوۡمَئِذٖ لَّخَبِيرُۢ
Open ayah 100:11নিশ্চয় সিহঁতৰ প্ৰতিপালক সেইদিনা সিহঁতৰ অৱস্থা সম্পৰ্কে সবিশেষ অৱহিত।