العلق
Al-Alaq
Translation: Assamese - Rafeequl Islam Habibur · Open the surah
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
ٱقۡرَأۡ بِٱسۡمِ رَبِّكَ ٱلَّذِي خَلَقَ
Open ayah 96:1পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিজনে সৃষ্টি কৰিছে,
خَلَقَ ٱلۡإِنسَٰنَ مِنۡ عَلَقٍ
Open ayah 96:2তেওঁ মানুহক আলাক্বৰ (ৰক্তপিণ্ডৰ) পৰা সৃষ্টি কৰিছে।
ٱقۡرَأۡ وَرَبُّكَ ٱلۡأَكۡرَمُ
Open ayah 96:3পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।
ٱلَّذِي عَلَّمَ بِٱلۡقَلَمِ
Open ayah 96:4যিজনে কলমৰ সহায়ত শিক্ষা দিছে।
عَلَّمَ ٱلۡإِنسَٰنَ مَا لَمۡ يَعۡلَمۡ
Open ayah 96:5তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল।
كَلَّآ إِنَّ ٱلۡإِنسَٰنَ لَيَطۡغَىٰٓ
Open ayah 96:6বাস্তৱ এই যে, মানুহে সীমালংঘন কৰি থাকে।
أَن رَّءَاهُ ٱسۡتَغۡنَىٰٓ
Open ayah 96:7কাৰণ সি নিজকে স্বনিৰ্ভৰশীল বুলি ভাবে।
إِنَّ إِلَىٰ رَبِّكَ ٱلرُّجۡعَىٰٓ
Open ayah 96:8নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তন।
أَرَءَيۡتَ ٱلَّذِي يَنۡهَىٰ
Open ayah 96:9তুমি তাক দেখা নাইনে? যিয়ে বাধা দিয়ে।
عَبۡدًا إِذَا صَلَّىٰٓ
Open ayah 96:10এজন বান্দাক, যেতিয়া তেওঁ ছালাত আদায় কৰে।
أَرَءَيۡتَ إِن كَانَ عَلَى ٱلۡهُدَىٰٓ
Open ayah 96:11কি বুলি ভবা, যদি তেওঁ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত থাকে,
أَوۡ أَمَرَ بِٱلتَّقۡوَىٰٓ
Open ayah 96:12অথবা তাক্বৱাৰ নিৰ্দেশ দিয়ে; (তথাপিও তেওঁক কেনেকৈ বাধা দিয়ে?)
أَرَءَيۡتَ إِن كَذَّبَ وَتَوَلَّىٰٓ
Open ayah 96:13তুমি লক্ষ্য কৰিছানে যদি সি (নিষেধকাৰী) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়,
أَلَمۡ يَعۡلَم بِأَنَّ ٱللَّهَ يَرَىٰ
Open ayah 96:14(তেন্তে) সি নাজানে নেকি, নিশ্চয় আল্লাহে দেখি আছে?
كَلَّا لَئِن لَّمۡ يَنتَهِ لَنَسۡفَعَۢا بِٱلنَّاصِيَةِ
Open ayah 96:15সাৱধান! যদি সি বিৰত নাথাকে, তেন্তে নিশ্চয় আমি তাক তাৰ আগচুলিত ধৰি টানি আনিম।
نَاصِيَةٖ كَٰذِبَةٍ خَاطِئَةٖ
Open ayah 96:16মিছলীয়া, পাপিষ্ঠ আগচুলি (কপাল)।
فَلۡيَدۡعُ نَادِيَهُۥ
Open ayah 96:17এতেকে সি (যদি) নিজৰ পৰিষদবৰ্গক (মাতিব বিচাৰে তেন্তে) মাতি আনক।
سَنَدۡعُ ٱلزَّبَانِيَةَ
Open ayah 96:18অনতিপলমে আমিও মাতি আনিম জাহান্নামৰ কঠোৰ প্ৰহৰীসকলক।
كَلَّا لَا تُطِعۡهُ وَٱسۡجُدۡۤ وَٱقۡتَرِب۩
Open ayah 96:19সাৱধান! তুমি তাক অনুসৰণ নকৰিবা। তুমি (তোমাৰ প্ৰতিপালকক) ছাজদা কৰা আৰু (তেওঁৰ) নৈকট্য লাভ কৰা।