الماعون
Al-Maa'un
Translation: Assamese - Rafeequl Islam Habibur · Open the surah
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
أَرَءَيۡتَ ٱلَّذِي يُكَذِّبُ بِٱلدِّينِ
Open ayah 107:1তুমি তাক দেখিছানে, যিয়ে (আখিৰাতৰ) কৰ্মফলক অস্বীকাৰ কৰে?
فَذَٰلِكَ ٱلَّذِي يَدُعُّ ٱلۡيَتِيمَ
Open ayah 107:2সিয়েই হৈছে সেইজন, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়,
وَلَا يَحُضُّ عَلَىٰ طَعَامِ ٱلۡمِسۡكِينِ
Open ayah 107:3আৰু সি দুখিয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে।
فَوَيۡلٞ لِّلۡمُصَلِّينَ
Open ayah 107:4এতেকে ধ্বংস সেইসকল ছালাত আদায়কাৰীৰ বাবে,
ٱلَّذِينَ هُمۡ عَن صَلَاتِهِمۡ سَاهُونَ
Open ayah 107:5যিসকলে নিজৰ ছালাতত অমনোযোগী,
ٱلَّذِينَ هُمۡ يُرَآءُونَ
Open ayah 107:6যিসকলে আনক দেখুৱাবলৈহে (সৎকৰ্ম) কৰে,
وَيَمۡنَعُونَ ٱلۡمَاعُونَ
Open ayah 107:7আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।